কাকপথাৰত আলফা নেতা জীৱন মৰাণৰ আদ্যশ্ৰাদ্ধ সম্পন্ন।

যোৱা ২৭আগষ্টত মৃত্যু হোৱা আলফা(স্বা) ৰ জেষ্ঠ নেতা জীৱন মৰাণৰ বাসগৃহত আজি আদ্যশ্ৰাদ্ধ সম্পন্ন হৈ যায়। উপস্থিত হয় আলফাৰ (আলোচনা পন্থী) সভাপতি অৰবিন্দ ৰাজখোৱা । পত্নীসহ একাংশ‌ আলফা কেডাৰ লগত লৈ সভাপতিজনে জীৱন মৰাণৰ প্ৰতিচ্ছবিত মাল্যপন কৰাৰ লগতে সমাধিস্থলীত উপস্থিত হৈ বীৰ নেতাজনক শ্ৰদ্ধাঞ্জলি জনায় । লগতে শেষকৃত্য অনুষ্ঠানত আলফা নেতাসকল উপস্থিত নথকাৰ সন্দৰ্ভত সাংবাদিকে সুধা প্ৰশ্নৰ উত্তৰত দুখৰ সময়ত কোন আছে, কোন নাই ইত্যাদি বিষয়সমূহ চোৱাতো উচিত নহয় বুলি মত প্ৰকাশ কৰাৰ লগতে আলফা নেতাসকলে নিজ নিজ অঞ্চলৰ পৰাই জীৱন মৰাণক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা বুলি দায় সৰা মন্তব্য কৰে । জীৱন মৰাণৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ভাৰত চৰকাৰ-আলফাৰ শান্তী আলোচনা সন্দৰ্ভতো মন্তব্য কৰে সভাপতি গৰাকীয়ে । উল্লেখযোগ্য যে আলফা(স্বা)ৰ প্ৰাক্তন মেজৰ জেনেৰেল, বিত্ত সম্পাদক জীৱন মৰাণৰ কাকপথাৰ ওবন গাঁৱত আজি ধৰ্মীয় ৰীতি নীতিয়ে তিলনী অনুষ্ঠিত হয়।