অথলে গ'ল গোগামুখ বাছ আস্থান,মুকলিৰ সপ্তাহ দিনৰ পিছতো এখনো গাড়ী নৰখে বাছ আস্থানত
মাত্ৰ সপ্তাহ দিনৰ আগত পুনৰ মুকলি কৰা গোগামুখ উপ-বাছ আস্থানত পৰিবহণ নিগমৰ বাহন এখনো নাৰাখি গোগামুখৰ মাজমজিয়াত গাড়ী পাৰ্কিং কৰি তীব্ৰ যানযটৰ সৃষ্টি কৰিছে। ব্যক্তিগত ঠিকাদাৰৰ মুনাফা আদায়ৰ বাবে গোগামুখত দীৰ্ঘ দিনৰ পৰা পাৰ্কিংৰ বাবদ ধন সংগ্ৰহ কৰি আহিছে লেচীয়ে। গোগামুখত এটা চৰকাৰী বাছ আস্থান থকাৰ পিছতো এই গাড়ী সমূহৰ পৰা ৬ মিটিতত ৫০ টকাকৈ লেচীয়ে ধন সংগ্ৰহ কৰি এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। প্ৰশাসনৰ চকুৰ সন্মুখতে ঘটি আছে এই কৰ সংগ্ৰহ প্ৰক্ৰিয়া।নিৰৱ ভূমিকা প্ৰশাসনৰ, প্ৰশাসনৰ এনে নিস্ক্ৰিয় ভূমিকাক সন্দেহ কৰিছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই। ইপিনে এই চৰকাৰী বাহন সমূহ গোগামুখৰ মাজমজিয়াত ৰখাই যানযটৰ সৃষ্টি কৰি অভাৱনীয় পৰিস্থিতি কৰি তোলাত পৰিবহণ বিভাগটোৰ নগ্ন স্বৰূপ উদঙাইছে। সমগ্ৰ ঘটনাক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই তদন্তৰ দাবী কৰিছে।