জনতা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত আগন্তুক বর্ষৰ মাতৃ-পিতৃ বন্দনা কার্যসূচীৰ বাবে বিশেষ নৈমিত্তিক ছুটী, শেহতীয়া কমনৱেলথ গেমছত স্বর্ণপদকপ্রাপক শ্রীমতী নয়নমণি শইকীয়ালৈ উপ-আৰক্ষী অধীক্ষক পদ, অসম চৰকাৰৰ চিন্তন শিবিৰ, কাৰিকৰী শিক্ষাত নতুন পদক্ষেপ, অচল আইন বাতিলকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।