আজি সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ পূজা, সোণাৰিত মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ ৷ 

আজি সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশ পূজা৷ সোণাৰিত মণ্ডপে মণ্ডপে গণেশ মন্দিৰসমূহত ভক্তৰ ভিৰ ৷ সোণাৰিৰ শিৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি-নিচিগা ভিৰ দেখা যায় ৷সোণাৰিৰ শিৱ মন্দিৰ যুৱ সমিতিৰ উদ্যোগত এইবছৰ‌ প্ৰথম বাৰৰ বাবে দিনজোৰা কাৰ্যসূচীৰে গণেশ পূজাৰ আয়োজন কৰা হয় । শিৱ মন্দিৰ যুৱ সমিতিৰ উদ্যোগত আয়োজন কৰা পূজাভাগত পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগতে মাংগলিক নীতি নিয়মেৰে গণেশ পূজা আৰম্ভ কৰা হয়। এই পূজাত আয়োজক সমিতিয়ে প্ৰস্তুত কৰা ১১ কিলো ওজনৰ লাডুৱে ভক্তসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।