ঢকুৱাখনাৰ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞান হীন কর্ম কাণ্ডই অতিষ্ঠ কৰিছে সাধাৰণ গ্ৰাহকক।
বিদ্যুৎ বিলত উল্লেখ থকা দিউ ডেটৰ পূৰ্বেই বিদ্যুৎ সংযোগ কৰ্তনৰ ভাবুকি দি ফাইনৰ নামত গ্ৰাহকৰ পৰা আদায় কৰে অতিৰিক্ত টকা।
ইপিনে বিদ্যুৎ সংযোগী তাৰৰ বিসংগতি বাবে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কৰ্মচাৰী সকলে ঠিক কৰি নিদিয়ে বিদ্যুৎ সেৱা।তাৰ বিপৰীতে অভিযোগ দিবৰ বাবে উল্লেখ থকা ফোন নম্বৰটো সংযোগ বিচ্ছিন্ন কৰি দিয়ে কৰ্মচাৰীসকলে।আজি এই অভিযোগ উত্থাপন কৰিছে ঢকুৱাখনা কঁচুগাৱৰ কুশল দাস নামৰ এজন গ্ৰাহকে। উক্ত গ্ৰাহকজনে পাঁচ ছয়দিনে বিদ্যুৎ সংযোগী তাৰৰ বিসংগতি বাবে বঞ্চিত হৈ আছে বিদ্যুৎ সেৱাৰ পৰা।
অভিযোগ দিলেও ঠিক কৰি নিদিয়ে বিদ্যুৎ সেৱা।তাৰ বিপৰীতে ডিউ ডেটৰ পূৰ্বেই আহি বিদ্যুৎ সেৱা কৰ্তনৰ ভাবুকি দেখুৱাই গ্ৰাহকৰ পৰা আদায় কৰিব বিচাৰে অতিৰিক্ত ধন।
উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ যোগেদি উপযুক্ত ন্যায় বিচাৰিছে কুশল দাসৰ পত্নীৰ আৰু পৰিয়ালে।