১ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ)ত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

উৰীয়া জনগোষ্ঠীৰ “নোৱাখাই” উৎসৱৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিছে বি টি আৰ প্ৰশাসনে।

বি টি আৰৰ পাঁচখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, ওদালগুৰি, বাক্সা আৰু তামুলপুৰত থাকিব স্থানীয় বন্ধ।

বৃহস্পতিবাৰৰ দিনটোত জিলা কেইখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি সকলো বন্ধ থাকিব।