মঙলদৈত এগৰাকী আৰক্ষীৰ মহানুভৱতা :- 

 'গছ থাকিলেহে জীৱ থাকিব' উক্ত কথাফাকি সৰোগত কৰি দৰং জিলাৰ মঙলদৈত এগৰাকী আৰক্ষীয়ে লৈছে বৃহৎ পদক্ষেপ । দৰং জিলাৰ মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিয়ে দেখুৱাইছে এই মহানুভৱতা । মঙলদৈ থানাৰ অন্তৰ্গত এলেকা সমূহত প্ৰায় ৫০০০০ হাজাৰ গছপুলি ৰোপনৰ উদ্দেশ্য আৰম্ভ কৰা অভিযানত আজি অধিকাৰী আঞ্চলিক গাঁওৰক্ষী বাহিনীৰ সহযোগত অধিকাৰী বিষ্ণু মন্দিৰৰ পৰা মথাউৰীৰ দুয়োকাষে মঙলদৈ মাজিকুছি পথলৈ প্ৰায় ১০০ গছ পুলি ৰোপণ কৰে । ইতিমধ্যে তেখেতে মঙ্গলদৈ বিভিন্ন অঞ্চলত প্ৰায় ১৫০০০ গছপুলি ৰোপণ সম্পূৰ্ণ কৰিছে । আজি এই গছপুলি ৰোপণ কাৰ্যসূচীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতি দেৱৰ লগতে উপস্থিত থাকে গাঁওৰক্ষী বাহিনী মঙলদৈ থানাৰ চক্ৰ সংগঠক মহেশ শৰ্মা , উপ উপদেষ্টা মুকুট শইকীয়া সভাপতি নয়ন জ্যোতি দাস সম্পাদক আটাউৰ ৰহমান, মঙলদৈ আছুৰ উপ সভাপতি ইজাজুল হক, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চাহিল চৌধুৰী অধিকাৰী আঞ্চলিক গাঁওৰক্ষী বাহিনীৰ লগতে ৰাইজ ।