উহ, কি গৰম! এপিনে পুনৰ ৰাজ্যত আৰম্ভ হৈছে কভিডদময় পৰিৱেশ ৷ তাৰ মাজতেই গৰমত অতিষ্ঠ ৰাইজ। বিদ্যুতৰ সঘন লুকা-ভাকু। দিনক দিনে বৃদ্ধি পাইছে তাপমান। প্ৰকৃতিয়ে কেতিয়া কি ৰূপ লয় সেই কথা এতিয়া অনুমানেই কৰিব নোৱাৰা হৈছে মানুহে।অন্যফালে বিদ্যুৎ সেৱাৰ অনুপস্থিতি, পৰিণতিত সপ্তাহজোৰা প্ৰচণ্ড গৰমে দহিচে ৰাজ্যবাসীৰ লগতে ঢকুৱাখনা অঞ্চলৰ ৰাইজকো ৷ প্ৰসৰ ৰ’দ আৰু গৰমৰ বাবে প্ৰয়োজনীয় কামকাজকো বাদ দি গছৰ ছাঁত জিৰণি লৈ সময় অতিবাহিত কৰিব লৈছে বহুজনে৷তাতেই আকৌ ভূতৰ ওপৰত দানহ পৰাদি সঘন বিদ্যুত কৰ্তন কৰি অসম শক্তি বিতৰণ আৰু বাণিজ্যিকীকৰণ পৰিসীমিতৰ অন্তৰ্গত ঢকুৱাখনা সংমণ্ডলৰ কাৰ্য্যালয়টো হাজাৰ বিজাৰ গ্ৰাহকৰ বাবে কিছু দিন ধৰি অবনৰ্ণিয় যন্ত্ৰণাদায়ী বিভাগলৈ পৰ্যবসিত হৈছে । সঘন বিদ্যুতৰ কৰ্তন ,অনিয়মীয়া বিদ্যুৎ সেৱা আদিয়ে জীয়া যন্ত্ৰণা দিয়া গ্ৰাহক সকলৰ অতীষ্ঠতাৰ সীমা পাৰ হোৱা পৰিলক্ষিত হৈছে যোৱা সময়ছোৱাত। দিনটোৰ বেচিভাগ সময়ে বিদ্যুত কৰ্তন কৰাৰ ওপৰিও নিশা এঘন্টাৰ পৰা দুঘণ্টা পৰ্য্যন্ত একেলগে বিদ্যুত কর্তন কৰি ৰাইজক দিছে যমৰ যাতনা। সংগৃহীত তথ্য মতে ঢকুৱাখনা নগৰ আৰু বকুলগুৰি ফিডাৰ দুটাক নূন্যতম ডেৰ মেগা ৱাটকৈ সৰ্বমুঠ ৩ মেগা ৱাট বিদ্যুতৰ প্ৰয়োজন হয় । তেনেদৰে অন্য দুই ফিডাৰ ক্ৰমে সোনাৰী চাপৰি আৰু হিলৈদাৰী ফিডাৰৰ বাবে প্ৰয়োজন হয় ১ মেগাৱাট কৈ মুঠ ২ মেগা ৱাট বিদ্যুতৰ । ঢকুৱাখনা সংমণ্ডলটোৰ বাবে সৰ্বমুঠ ৫ মেগাৱাট বিদ্যুতৰ নিয়মীয়া সময়ত প্ৰয়োজন হয় যদিও বিগত কিছু দিন ধৰি ঢকুৱাখনাই লাভ কৰি আহিছে মাত্ৰ ২’৫ মেগা ৱাট বিদ্যুৎ । অৰ্থাৎ প্ৰয়োজনতকৈ সৰ্বমুঠ ২’৫ মেগা ৱাট বিদ্যুৎ কমকৈ লাভ কৰি আহিছে ঢকুৱাখনাই । ইপিনে দুখৰ বিষয় এয়ে যে আজি কেইদিনমানৰ পৰা দিন কি ৰাতি সকলো সময়তে বিদ্যুৎ কৰ্তন হৈ থাকা হৈছে৷এই সম্পৰ্কে কোম্পানীটোৰ লগত যোগাযোগ কৰিও কোনো সম্পৰ্ক স্থাপন কৰিব নোৱাৰি৷কাৰণ কৰ্তব্যৰত কোম্পানীটোৰ কৰ্মচাৰী সকলে কাৰ্য্যালয়ত সোমাইয়েই গ্ৰাহকে যোগাযোগ কৰিব পৰা ফোনটোৰ চুইচ অফ কৰি থয় ৷স্থানীয় গ্ৰাহকসকলে বহুবাৰ অভিযোগ কৰিও বিদ্যুৎ নিয়মীয়া কৰাব পৰা নাই৷ বিদ্যুৎৰ এনেহেন লুকা-ভাকুৰ ফলত একাংশ ৰাইজৰ ইনভাৰ্টাৰ,মোবাইল ফোন,আদি সম্পূৰ্ণকৈ চাৰ্জ পৰ্যন্ত দিব পৰা নাই।তদুপৰি ক্ষুদ্ৰ উদ্যোগ ,জেৰক্স,ডিটিপি,ইন্টাৰনেট আদিও এতিয়া সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ৷ শেহতীয়া ভাবে ঢকুৱাখনা সংমণ্ডলটোৰ ঢকুৱাখনা নগৰ ,বকুলগুৰি , সোনাৰী চাপৰি আৰু হিলৈদাৰী ফিডাৰ সমূহত দিনে নিশাই বিদ্যুতৰ সেৱা উপলব্ধ নোহোৱা বিষয়টোৱে গ্ৰাহক সমাজক ক্ষুব্ধ কৰি তুলিছে । ভুক্তভোগী ৰাইজৰ একাংশই বিদ্যুৎ যোগান নিয়মীয়া নহলে বিদ্যুৎ বিল আদায় দিয়াৰ পৰা বিৰত থাকিব বুলিও সামাজিক মাধ্যম ফেচবুকত বিদ্যুত বিভাগক সকিয়াই দিছে বহুজনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજ્કોટવાસીઓ થાવ રાજી , આજે સવારે છલકાયો આજી ..
રાજ્કોટવાસીઓ થાવ રાજી , આજે સવારે છલકાયો આજી ..
Trading Strategy | Coal India शेयर में एक्सपर्ट से जानिए किस Level पर करें Buy or Sell | CNBC Awaaz
Trading Strategy | Coal India शेयर में एक्सपर्ट से जानिए किस Level पर करें Buy or Sell | CNBC Awaaz
जिला कलेक्टर ने बड़ोदिया में की रात्रि चौपाल
जिला कलेक्टर ने बड़ोदिया में की रात्रि चौपाल
Joyalukkas‘ Brilliance Diamond Jewellery Show’in Bengaluru from 16th January to 1st February, 2026
Bengaluru, Karnataka – January 2026:The world’s favourite jeweller, Joyalukkas, is...