দৰঙৰ শেহতীয়া বানপৰিস্থিতিৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

বানপীড়িতসকলক ক্ষতিপূৰণ প্ৰদান ব্যৱস্থাৰ বুজ লয় অভিভাৱক মন্ত্ৰী গৰাকীয়ে

দৰঙত শেহতীয়াভাৱে হৈ যোৱা প্ৰলয়ংকাৰী বানৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বান পৰিস্থিতিৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা বান ক্ষতিগ্ৰস্তলোকসকলক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰে আৰু পুন:সংস্হাপনৰ ব্যৱস্থা খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে বানাক্ৰান্তসকলক ক্ষতিপূৰণ খৰতকীয়াকৈ দিয়াটো খুবেই প্ৰয়োজনীয় বুলি কৈ এই ক্ষেত্ৰত সঠিকভাৱে জৰীপ চলাই হিতাধিকাৰীসকলৰ বাবে ক্ষিপ্ৰতাৰে ধন মুকলি কৰি দিয়াটো গুৰুত্বপূৰ্ণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আজিৰ বৈঠকত স্বাস্থ্য, পশুপালন,মীন, কৃষি, শিক্ষা, সমাজ কল্যাণ আদি বিভাগক বানক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লবলৈ তেওঁ নিৰ্দেশ দিয়ে । জলসম্পদ বিভাগক ভগা মথাউৰিসমূহ মেৰামতিৰ কাম খৰতকীয়াকৈ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

আজিৰ সভাত মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।