কৰাচী, ৩০ আগষ্ট। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ভয়ংকৰ বান পৰিস্থতিৰ উদ্ভৱ হৈছে। সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে পাকিস্তান। বান বিধ্বস্ত পাকিস্তানৰ সিন্ধু নদীত এখন নাও ডুবি কমেও ১৩ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুলোক সন্ধানহীন হৈছে। ইণ্ডাছ নদীত বৰ্তমান জলস্তৰ বৃদ্ধি পাইছে। দেশখনত এতিয়ালৈকে, পাকিস্তানত বানপানীৰ ফলত প্ৰায় ১,৫০০ লোকে প্ৰাণ হেৰুৱাইছে। লাখ লাখ লোক গৃহহীন হৈছে। ৰাস্তা আৰু দলং খহি পৰি একপ্ৰকাৰ অসহনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে দেশখনত।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

উল্লেখ্য যে সোমবাৰে পাকিস্তানৰ সিন্ধু প্ৰদেশৰ সিন্ধুৰ চেহৱান চহৰৰ বিলাৱালপুৰ গাঁৱত সিন্ধু নদীত প্ৰায় ২৫ জন বানপীড়িত লোকক কঢ়িয়াই নিয়া এখন নাও ডুবি যায়। পাকিস্তান চৰকাৰে বানপানীৰ পৰিস্থিতিক 'ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা' হিচাপে ঘোষণা কৰিছে। দেশৰ প্ৰায় ১১০ খন জিলা বানপানীত ক্ষতিগ্ৰস্ত হৈছে। ৬৬ খন জিলাক আনুষ্ঠানিকভাৱে 'দুৰ্যোগ প্ৰভাৱিত' বুলি ঘোষণা কৰা হৈছে।