ইছলামাবাদ, ৩০ আগষ্ট। বান বিধ্বস্ত পাকিস্তানক ১.১৭ বিলিয়ন ডলাৰ (৯৩০০ কোটিতকৈ অধিক) ঋণ প্ৰদান আন্তৰ্জাতিক মুদ্ৰা নিধি (আইএমএফ)ৰ। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক এক ডাঙৰ সকাহ দিছে বুলি এই তথ্য পাকিস্তানৰ বিত্ত মন্ত্ৰী মিফতা ইছমাইলে টুইট কৰি কয়।আইএমএফে পাকিস্তানৰ ঋণ সম্প্ৰসাৰিত পুঁজি সুবিধা (ইএফএফ) পুনৰুজ্জীৱিত কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ লগতে ১.১৭ বিলিয়ন আমেৰিকান ডলাৰৰ (৯৩০০ কোটিতকৈ অধিক) সপ্তম আৰু অষ্টম কিস্তি পাকিস্তানলৈ মুকলি কৰা হ'ব। 

ইয়াৰ পূৰ্বে ২০২০ চনৰ এপ্ৰিলত আইএমএফ বোৰ্ডে পাকিস্তানক ১.৩৮৬ বিলিয়ন আমেৰিকান ডলাৰ অনুমোদন জনাইছিল।