মুম্বাই, ৩০ আগষ্ট। অভিনেতা কমল ৰছিদ খান ওৰফে কেআৰকেক বৰিভালি আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এতিয়া তেওঁ কাৰাগাৰত থাকিব লাগিব। বিতৰ্কিত টুইট গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে কেআৰকে। ২০২০ চনত পঞ্জীয়ন কৰা এটা গোচৰৰ সন্দৰ্ভত সোমবাৰে নিশা মালাদ আৰক্ষীয়ে মুম্বাই বিমানবন্দৰৰ পৰা কমল খানক আটক কৰিছিল। ইয়াৰ পিছত মালাদ আৰক্ষীয়ে মঙলবাৰে পুৱা কমল খানক সোধা-পোছা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কমল খানক বৰিভালি সত্ৰ আদালতত হাজিৰ কৰোৱায় আৰু আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

কমল খানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা শিৱসেনাৰ কৰ্মী ৰাহুল কানালে কৈছিল যে তেওঁ ২০২০ চনত এটা গোচৰ ৰুজু কৰিছিল। জ্যেষ্ঠ অভিনেতা ঋষি কাপুৰকো টুইটাৰত বেয়াকৈ কৈছিল খানে। তেওঁ কমল খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। 

উল্লেখ্য যে কমল ৰছিদ খান ওৰফে কেআৰকে এজন ভাৰতীয় অভিনেতা, গল্পকাৰ, প্ৰযোজক। তেওঁ ২০০৯ চনত ৰিয়েলিটি শ্ব' বিগ বছত অংশগ্ৰহণ কৰিছিল। তেতিয়াৰ পৰা তেওঁ চৰ্চালৈ আহিছে। তেওঁ দেশদ্ৰোহী চলচ্চিত্ৰৰ জৰিয়তে বলীউডত চৰ্চালৈ আহিছিল। তেওঁ এই ছবিখনো প্ৰযোজনা কৰিছিল।