নতুন দিল্লী, ৩০ আগষ্ট । মঙলবাৰে গণেশ চতুৰ্থী। সমগ্ৰ দেশতে পালন কৰা হ'ব গণেশ চতুৰ্থী। ইয়াৰ প্ৰাকমুহূৰ্তত দেশবাসীক শুভেচ্ছা জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। তেওঁ কয় যে গণেশ চতুৰ্থীৰ এই উৎসৱ জ্ঞান, সমৃদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মজয়ন্তী হিচাপে উদযাপন কৰা হয়। ভগৱান গণেশক বিঘ্নহৰ্তা আৰু মঙ্গলমূৰ্তি বুলি গণ্য কৰা হয়।

ৰাষ্ট্ৰপতিয়ে তেওঁৰ বাৰ্তাত কয়, “গণেশ চতুৰ্থীৰ পৱিত্ৰ ক্ষণ উপলক্ষে মই ভাৰত আৰু বিদেশৰ সকলো নাগৰিকক শুভেচ্ছা আৰু অভিনন্দন জনাইছো”।