চিলাপথাৰৰ প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত ৩১ আগষ্টত মঞ্চস্থ হ'ৱ দুখনকৈ নাটকঃ

চিলাপথাৰৰ অন্যতম সাংস্কৃতিক শিক্ষাৰ প্ৰতিষ্ঠান প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত কালিলৈ ৩১ আগষ্টত মঞ্চস্থ হ'ৱ দুখনকৈ পূৰ্ণাংগ নাটকৰ । প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালিকা ৰেণু বৰুৱাই জনোৱা অনুসৰি মন্থষ্ট কৰিব লগীয়া নাটক দুখন হৈছে ক্ৰমে মৃদুল হাজৰিকাৰ পৰিকল্পনা আৰু পৰিচালনাৰে ঋতুপৰ্ণ দাসৰ নাট ' অন্তৰ্যুদ্ধ ' আৰু নৃপেন বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে শিশু নাট ' ঢেম ঢেম ৰেঢেম ঢেম ' । আজি অন্তিম দিনা বহু দেৰিকৈহে চলিল আখৰা । উদ্যোক্তা সকলে জনোৱা মতে চিলাপথাৰৰ মাজগাঁৱৰ আঞ্চলিক ৰাসমঞ্চত সন্ধিয়া ৭.২৯ বজাৰ লগে লগে প্ৰথমখন নাট আৰম্ভ হ'ৱ । দুয়োখন নাটকৰ মঞ্চস্থ কৰাৰ ক্ষেত্ৰত সমগ্ৰ চিলাপথাৰবাসীৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সকলে ।