শ্বপিয়ান, ৩০ আগষ্ট। জন্মু–কাশ্মীৰৰ শ্বপিয়ান জিলাৰ নাগবাল অঞ্চলত মঙলবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয়। ফলত লস্কৰ-ই-তৈবা (এল ই টি)ৰ দুজন সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুয়োজনেই স্থানীয় বুলি জানিব পৰা গৈছে। বৰ্তমান, এই সন্ত্ৰাসবাদী দুজনক এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। 

সূত্ৰ অনুসৰি সুৰক্ষা বাহিনীয়ে মঙলবাৰে আবেলি শ্বপিয়ান জিলাৰ নাগবাল অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰিছিল। ইয়াৰ পিছত আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে এক তালাচী অভিযান আৰম্ভ কৰিছিল। কিন্তু আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে। এইদৰে দুয়ো পক্ষৰ মাজত হোৱা সংৰ্ঘষত দুজন সন্ত্ৰাসবাদী নিহত হয়। বৰ্তমানেও অভিযান অব্যাহত আছে।