বিদ্যালয়ত  অনিয়মীয়া উপস্থিত থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক। বিদ্যালয়ত অনিয়মীয়া উপস্থিতি আৰু শ্ৰেণীত পাঠদান নকৰা শিক্ষকৰ বিৰুদ্ধে জিলাখনৰ কেইবাজনো শিক্ষকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে। জিলাখনৰ সাতখন শিক্ষা খণ্ডৰ অন্তৰ্গত ১১ জনকৈ শিক্ষকলৈ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী।

বিশেষকৈ জিলাখনৰ খোৱাং জয়পুৰ, বৰবৰুৱা, ডিব্ৰুগড়, লাহোৱাল শিক্ষা খণ্ডৰ অধীনস্থ ১১ জনকৈ শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে পৰিদৰ্শক চৌধুৰীয়ে। বিদ্যালয়ত অনিয়মীয়া উপস্থিতি, সময়মতে বিদ্যালয়ত উপস্থিত নথকা আৰু বিদ্যালয় খোলাৰ সময়ত পাঠদান কৰি আধাতে শিক্ষানুষ্ঠান এৰা আদিৰ অভিযোগসমূহৰ সন্দৰ্ভতে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে। উল্লেখ্য যে ইয়াৰে খোৱাং শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ শিক্ষকক নিলম্বন কৰা বুলি জনাইছে।