নতুন দিল্লী, ৩০ আগষ্ট। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে জয় সিং ৰোডস্থিত দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। আগন্তুক জি-২০ সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সম্পৰ্কীয় ২০২৪ চনৰ কাৰ্য পৰিকল্পনা আৰু এক শক্তিশালী নিৰাপত্তা পৰিকল্পনাকে ধৰি বহু কেইটা বিষয়ৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে মন্ত্ৰীগৰাকীয়ে।
আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি, শ্বাহে কেৱল আৰক্ষী বিষয়াসকলৰ সৈতে আৰক্ষী মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰাই নহয়, বিষয়াসকলৰ সৈতে বহি আইন-শৃংখলাৰ বিষয়েও অৱগত হৈছিল। তেওঁ আগন্তুক সময়ত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰিছে।তেওঁলোকে দিল্লীৰ নিৰাপত্তা আৰু জি-২০ সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত দিল্লী আৰক্ষীয়ে উপস্থাপন কৰা বিতং ৰোডমেপ সন্দৰ্ভত আলোচনা কৰাৰ উপৰিও ফৰেনচিক আৰু আইনী বিষয়বোৰো আলোচনা কৰিছিল। এই উপলক্ষে চিডব্লিউজি আৰু ৱৰ্ল্ড পুলিচ ফায়াৰ গেমছকে ধৰি অন্যান্য ক্ৰীড়াত পদক অৰ্জন কৰা আৰক্ষীসকলকো সন্মানিত কৰা হয়।