মুম্বাই, ৩০ আগষ্ট। বিজেপি বিধায়ক অতুল ভাটখালকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু। ভাটখালকাৰে ছোনিয়া গান্ধীক বদনাম কৰাৰ অভিযোগত পুনে চাইবাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে। 

তথ্য অনুসৰি, প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) ছোনিয়া গান্ধীক নেচনেল হেৰাল্ড গোচৰত সোধা-পোছাৰ বাবে মতাত ছোনিয়া গান্ধী কৰোনাত আক্ৰান্ত হৈছিল। তেতিয়া অতুল ভাটখালকাৰে টুইটাৰত এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এয়া হৈছে কৰোনাৰ ইডি ভেৰিয়েন্ট (প্ৰকাৰ)। তেওঁৰ এই মন্তব্য়ত পুনেৰ কংগ্ৰেছ কৰ্মীসকল জাঙুৰ খাই উঠি এই সন্দৰ্ভত আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছিল। সন্দীপ ভুজবলে ভাটখালকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।