আজি বিয়লি জনতা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট বৈঠকত কমনৱেল্থ গেমছত স্বৰ্ণ পদক জয় কৰা অসম কন্যা নয়নমণি শইকীয়াক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহ কৰে।

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে এই কথা জানিব দিয়ে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

সংবাদমেলত মহন্তই লগতে কয় যে, চৰকাৰৰ তৰফৰ পৰা নয়নমণিক ৫০ লাখ টকা প্ৰদান কৰা হ'ব।

আনহাতে বন বিভাগত ডেপুটি কামাণ্ডেন্ট পদৰ বাবেও খেলুৱৈগৰাকীক প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে।