বানে জুৰুলা কৰা অসমৰ বন্যাৰ্তৰ বাবে সুখবৰ। ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত লোকৰ কাপোৰ আৰু আন সামগ্ৰী ক্ৰয়ৰ বাবে ৭৬ কোটি টকা ব্যয় কৰিব।
অসম চৰকাৰৰ এক সূত্ৰই সদৰী কৰা অনুসৰি বানত যিসকল লোক অতি বেয়াকৈ ক্ষতিৰ সন্মুখীন হৈছে তথা বানত সকলো হেৰুৱালে, তেওঁলোকক সকাহ দিয়াৰ বাবে চৰকাৰে এই পুঁজি ব্যয় কৰিব। সেইমৰ্মে ঘৰ-বাৰী হেৰুৱাই এতিয়াও আশ্ৰয় শিবিৰত থকা বন্যাৰ্তক কাপোৰ-কানি আৰু ঘৰুৱা আন আচ-বাব ক্ৰয়ৰ বাবে ৭৬ কোটি টকা বিতৰণ কৰিব। ইয়াৰ দ্বাৰা প্ৰায় ২ লাখ বানাক্ৰান্ত লোক উপকৃত হ'ব। উপায়ুক্ত সকলক প্ৰকৃত হিতাধিকাৰীয়ে যাতে সুবিধা লাভ কৰে তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে দিছপুৰে।
উল্লেখ, ইতিমধ্যে ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ মূৰব্বীলৈ ৩,৮০০ টকাকৈ প্ৰদান কৰিছে। বন্যাৰ্তৰ সহায়ৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ দিছপুৰে এতিয়ালৈকে প্ৰায় ১৮৭ কোটি টকা মোকোলাই দিছে।