মহাবিদ্যালয়ৰ মাচুল হ্ৰাস কৰাৰ দাবীৰে তিনিচুকীয়াৰ ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ উত্তাল প্ৰতিবাদ ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক মহলাৰ নামভৰ্ত্তি আৰু পৰীক্ষাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ  পিছতে মঙ্গলবাৰে মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে  তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

উচ্চ হাৰত নামভৰ্ত্তি আৰু পৰীক্ষাৰ মাচুল বৃদ্ধিৰ বাবে দুখীয়া ছাত্ৰ-ছাত্ৰী সকলে আধাতে শিক্ষা সামৰিব লগীয়া হৈছে বুলি উল্লেখ কৰি প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে অতিশীঘ্ৰে মাচুল হ্ৰাস কৰাৰ দাবী জনাই মহাবিদ্যালয় খনৰ ছাত্ৰী একতা সভাই ।