গোলাঘাটৰ এৰেঙাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সৃষ্টিত হয় দুৰ্ঘটনাটো। উক্ত দুৰ্ঘটনাত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ এ.এছ০৫ জি ০২৬৩ । গোলাঘাটৰ দিশৰ পৰা ৰঙাজান অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইকখনৰ চালকসহ আন গৰাকী মহিলা আৰোহীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
গোলাঘাটৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন


