বড়োলেণ্ড স্কুল এডপছন কাৰ্যসূচী হৈছে অঞ্চলটোৰ শিক্ষা খণ্ডৰ সংস্কাৰৰ দিশত বিটিআৰ চৰকাৰৰ এক দূৰদৰ্শী পদক্ষেপ। 

আজি ওদালগুৰি জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা ওদালগুৰি জিলা শিক্ষা বিষয়া জয়পাল ব্ৰক্ষ্মই আয়োজন কৰে। 

ওদালগুৰি জিলাৰ স্কুল এডপচন চেম্পিয়নসকলৰ সৈতে আজি এখন বৈঠক অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত উপস্থিত থাকে BTR CEM প্ৰমোদ বড়ো । 

উন্নত আন্তঃগাঁথনি, উন্নত মানদণ্ডৰ শিক্ষা আৰু উন্নত শৈক্ষিক প্ৰদৰ্শন নিশ্চিত কৰাৰ বাবে বিটিআৰৰ শিক্ষা খণ্ডত পৰিৱৰ্তন অনাৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰখা হৈছে। আজি ওদালগুৰি জিলাত ১৩০ খন স্কুল এডপছন কৰা হয় আৰু এডপছন কৰা বিভিন্ন বিভাগ বিষয়া সকল উক্ত সভাখনত উপস্থিত আছিল।  

উক্ত অনুষ্ঠানত উপস্থিত আছিল BTR CEM প্ৰমোদ বড়ো, BTR EM ড০ নিলুত স্বৰ্গীয়াৰী , BTR EM দাওবাইছা বড়ো ,BTR , EM সঞ্জীব তাঁতী, BTR , EM দিগন্ত বৰুৱা, MCLA দিলীপ কুমাৰ বড়ো, দীপক মৌৰ, MCLA সঞ্জয় স্বৰ্গীয়াৰী আৰু ওদালগুৰি ডিচি সদনেক সিং বৈঠকত উপস্থিত আছিল।