পৰিবহণ বিভাগৰ কার্যলয়লৈ নহাকৈ ৰাইজে কৰিব পাৰিব কাম কাজ।পৰিবহণ কার্যলয়ত চিএছচিৰ কৰ্মকৰ্তাৰ সৈতে বৈঠক

CSC তে পৰিবহণ বিভাগৰ কাম কাজ কৰিব পাৰিব ৰাইজে 

পৰিবহন বিভাগৰ সকলো কাম কাজ নিকাকৈ সম্পন্ন কৰিবলৈ অসম চৰকাৰে লৈছিল গুৰুত্বপূৰ্ণ পদক্ষেপ। পৰিবহন বিভাগৰ মুঠ ৪৫ টাৰ ৪০ টা সেৱাই অনলাইন যোগে লাভ কৰিব গ্ৰাহকে। অনলাইন ব্যৱস্থাটো অধিক শক্তিশালী কৰিবলৈ ৰাজ্যত স্থাপন কৰা হৈছে ৬০ হাজাৰ  COMMON SERVICE CENTER চমুকৈ (CSC) । মধ্যভোগীক কাম কাজ সমূহৰ পৰা আঁতৰাই ৰাখিবলৈ লৈছে এই বিশেষ ব্যবস্থা। কামৰূপ জিলা পৰিবহন বিভাগৰ বিষয়া তথা সহকাৰী আয়ুক্ত গৌতম দাসৰ উপস্থিত মহানগৰীৰো ১৬৮ স্থানত স্থাপন কৰা  CSC চেন্টাৰ কমকর্তাৰ সতে  বৈঠক। আজি জিলা পৰিবহন বিষয়াৰ লগত  বৈঠকত মিলিত হয় CSC কৰ্মকর্তা সকলৰ উপৰি চেন্টাৰৰ স্বত্বাধিকাৰী সকল। এই সুবিধাৰ জৰিয়তে গ্ৰাহক সকল লাভান্বিত হোৱাৰ উপৰিও পৰিবহন বিভাগৰ কাম সমূহ স্বচ্ছ আৰু নিকাকৈ সম্পন্ন হব বুলি আশাবাদী পৰিবহণ বিষয়া গৌতম দাসৰ।