আল-কায়দাৰে সম্পৰ্ক থকাৰ অভিযোগত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা কেইবাগৰাকীও জেহাদীৰ বিৰুদ্ধে আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া)ই প্ৰথমবাৰৰ বাবে চাৰ্জশ্বীট দাখিল কৰিছে।
৮ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে নিয়াই। ৮ জনৰ ভিতৰত ৭ জন বৰপেটা জিলাৰ আৰু এজন ত্ৰিপুৰাৰ বাসিন্দা।
চাৰ্জশ্বীটত নাম উল্লেখ কৰা ব্যক্তিকেইজন হৈছে ছাইফুল ইছলাম, খাইৰুল ইছলাম, বাদশ্বাহ চুলেমান, নৌছাদ আলী, মামুনুৰ ৰছিদ, ইমৰান হাছান, মুকবুল হুছেইন আৰু মুফতি চুলেমান।
উল্লেখ্য যে নিষিদ্ধ সংগঠন ভাৰতীয় উপমহাদেশত আল-কায়েদা (একিউআইএছ) আৰু আনছাৰুল্লাহ বাংলা দল (এবিটি)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ৰাজ্যৰ বহু প্ৰান্তৰ পৰা কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
বৰ্তমানো, অসম আৰক্ষীৰ দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰন্তৰভাৱে জেহাদীৰ বিৰুদ্ধে অভিযান চলাই আছে।