সোমবাৰে নিশা ছয়মাইলৰ নতুন ট্ৰেফিক ছিগনেল লাইটৰ খুঁটা ভাঙি পেলোৱা ডাম্পাৰখনৰ চালকজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গ্ৰেপ্তাৰ হোৱা উদণ্ড চালকজন নলবাৰী জিলাৰ মুকালমুৱাৰ ৰমজুল আলী (২৮) বুলি চিনাক্ত কৰিছে।

ইফালে ডাম্পাৰখনৰ মালিক চুলতান আলীকো এই তদন্তত সহায় কৰিবলৈ মাতি অনা হৈছে বুলি আৰক্ষীয়ে জনায়।

উল্লেখ্য যে, সোমবাৰে নিশা ছয়মাইল-ভি আই পি সংযোগী পথত সংঘটিত হৈছিল এই ঘটনা। দুৰ্ঘটনাত বিকল হৈ পৰিছিল নতুনকৈ নিৰ্মাণ কৰা ট্ৰেফিক ছিগনেল লাইট।