ৰঙিয়াত এছ এছ বি জোৱানৰ বিশেষ অভিযান। হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ ৰঙিয়াৰ ক্ষেত্ৰীয় মুখ্যালয়ৰ জোৱান সকল উপস্থিত হ'ল ৰঙিয়াৰ চিকিৎসালয়ত । এছ এছ বি ক্ষেত্ৰীয় মুখ্যালয়ৰ হেড কনষ্টেবল বি শশীকান্ত শৰ্মাৰ নেতৃত্বত চলা অভিযানটোত দলটোৱে মূলতঃ ৰঙিয়াৰ তিনিখন চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ সৈতে মত বিনিময় কৰে । দলটোৱে প্ৰথমে ৰঙিয়াৰ স্পৰ্শ হস্পিটালত উপস্থিত হয় , তাৰপিছত ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আৰু সৰ্বশেষত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত গৈ উপস্থিত হয় । এছ এছ বিৰ দলটোক স্পৰ্শ হস্পিটালৰ হৈ ডাঃ সৌৰভ বৰুৱাই স্বাগতম জনোৱাৰ বিপৰীতে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত অধীক্ষক নৱনীতা বৰাই আগবঢ়াই নিয়ে । অভিযানটোৰ শেষত দলটো ৰঙিয়াৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় । চিকিৎসালয়খনৰ উপ অধীক্ষক দীলিপ বৈশ্যৰ লগতে উপস্থিত আন আন চিকিৎসা কৰ্মীৰ সৈতে দলটোৱে মত বিনিময় কৰে ।এছ এছ বিৰ দলটোৱে সকলোকে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগস্তৰ পৰা ১৫ আগস্তলৈ সকলোকে নিজ নিজ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
महिला सशक्तिकरण के लिए जेण्डर आधारित बजट का निर्माण और क्रियान्वयन बेहद आवश्यक
महिला सशक्तिकरण के लिए जेण्डर आधारित बजट का निर्माण और क्रियान्वयन बेहद आवश्यक
एक दिवसीय...
वन्यजीव संरक्षण संशोधन विधेयक, 2021 पारित, जीवों को वर्मिन घोषित करने में होगी आसानी
केंद्रीय पर्यावरण और वन मंत्री भूपेंद्र यादव ने चर्चा के दौरान उन्होंने कहा कि वन्य जीवों को...
POCO X6 Neo के लॉन्च को लेकर मिला नया अपडेट, इन फीचर्स के साथ अगले महीने हो सकती है एंट्री
शाओमी का सब - ब्रांड पोको इन दिनों एक नए स्मार्टफोन पर काम कर रहा है। यह फोन POCO X6 Neo होगा।...