তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ ইনথেমত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ।

মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত ইনথেম গাঁও পঞ্চায়তত নিশা দুৰ্বৃত্ত‌ই প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰিলে কম্পিউটাৰ সহ গুৰুত্বপূৰ্ণ সামগ্ৰী ।

নিশা পঞ্চায়তটোৰ তলা ভাঙি দুৰ্বৃত্তৰ দলটোৱে বিভিন্ন চৰকাৰী কাম-কাজৰ বাবে ব্যৱহৃত কেইবাটাও কম্পিউটাৰ ভাঙি তচনছ কৰাৰ লগতে লৈ যায় বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ।

ঘটনা সন্দৰ্ভত পঞ্চায়ত কৰ্তৃপক্ষই ইতিমধ্যে আৰক্ষীক অৱগত কৰাৰ লগতে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ।