ধেমাজি ,২৯জুলাই:

কৃষি বিজ্ঞান কেন্দ্ৰৰ ,ধেমাজি উদ্যোগত ধেমাজি শান্তিপুৰত কৃষকৰ মাজত বিভিন্ন জাত শালিধানৰ প্ৰৰ্দশনী মূলক শস্য কেফেটেৰিয়া (crop cafeteria) অনুষ্ঠিত হয় ।

কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ উদ্যোগত অসম কৃষি বাণিজ্যি আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ(APART) অধীনত ধেমাজি জিলাৰ শান্তিপুৰ গাঁৱৰ প্ৰগতিশীল কৃষক বোধেশ্বৰ পামেৰ কৃষি পথাৰত পোন প্ৰথমবাৰৰ বাবে বিভিন্ন জাতৰ শালিধানৰ এখনি প্ৰদৰ্শনী মূলক শস্য কেফেটেৰিয়া ৰোপন কৰে, এই প্ৰদৰ্শনীমূলক ধানৰ কেফেটেৰিয়া খনত দহবিধ ধান ক্ৰমে ৰঞ্জিত চাব-১, বাহাদুৰ চাব-১, স্বৰ্ণ চাব-১, বিনাধান ১১, বাচ ধান, বৰ ধান, জাহাঙ্গীয়া, বৰা ধান, বগা ধান আৰু জলডুবি ধানৰ বিজ্ঞানসন্মত ভাৱে শাৰী শাৰীকৈ ৰোপন কৰে। এই শস্য কেফেটেৰিয়া খনৰ মূল উদ্দেশ্য হৈছে উন্নত প্ৰজাতিৰ ধানৰ জাত কৃষকৰ মাজলৈ আগবঢ়াই দিয়া। গ্ৰাম্য খেতিয়ক সকলে কেনেদৰে উন্নত মানৰ শালিধানৰ জাত ব্যৱহাৰ কৰি অধিক উৎপাদন কৰি গ্ৰাম্য অৰ্থনীতিৰ তনকিয়াল কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰদৰ্শনী মূলক শস্য কেফেটেৰিয়া খন অনুষ্ঠিত কৰে ।।