চিলাপথাৰৰ চিত্ৰশিল্পী মুনমী বুঢ়াগোঁহাই দত্তই কঢ়িয়াই আনিছে বহু কেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটাঃ

চিলাপথাৰৰ বোৱাৰী তথা শিৱসাগৰৰ হাঁহচৰাৰ জীয়ৰী চিত্ৰশিল্পী মুনমী বুঢ়াগোঁহাই দত্তৰ ব্যতিক্ৰমী চিন্তা আৰু চেতনাৰে নিজৰ অঞ্চলৰ লগতে ৰাজ্যখনৰো নাম উজ্বলাবলৈ সক্ষম হৈছে। চিলাপথাৰ বালিজান গাঁৱৰ নিবাসী বিজয় শংকৰ দত্তৰ পত্নী তথা শিৱসাগৰ হাঁহচৰাৰ নিবাসী বুবুল বুঢ়াগোহাঁই আৰু মঞ্জু বুঢ়াগোহাঁইৰ কনিষ্ঠা কন্যা মুনমী বুঢ়াগোহাঁইয়ে লংকাক গোহাঁই প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক পৰ্যায় অধ্যয়ন কৰি হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । সৰুৰে পৰা চিত্ৰশিল্পৰ লগত জড়িত মুনমীয়ে ২০১৯ বৰ্ষত Creative utilisation of waste materials বিষয়ত India book of records -ত নিজৰ নাম অন্তৰ্ভূক্ত কৰি জন্মস্থান শিৱসাগৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, মুনমীয়ে বিগত বহু বছৰ পৰা পেলনীয়া সামগ্ৰী যেনে অপ্ৰয়োজনীয় বুলি ভবা প্লাষ্টিকৰ বটল, ভঙা কাপপ্লেট, শামুকৰ খোলা, কণী খোলা, বিভিন্ন গছৰ গুটি ,মুগাৰ খোলা আদিৰ পৰা বিভিন্ন সজাব পৰা সামগ্ৰীৰ লগতে বিভিন্ন ছবি অংকণ কৰি আহিছে । এদিন যেতিয়া ৰঙৰ অভাৱ অনুভৱ কৰিছিল সেই ৰঙৰ পৰিমাণ কমাবলৈ মুনমীয়ে পেলনীয়া বিভিন্ন সামগ্ৰীবোৰ সংগ্ৰহ কৰি ছবি অংকনৰ কাম আৰম্ভ কৰিছিল। বৰ্তমানলৈকে ৫৫ বিধৰো অধিক চিত্ৰ নিৰ্মাণ কৰা মুনমী বঢ়াগোঁহাই এই কৰ্মৰ জৰিয়তে স্বীকৃতি হিচাপে তেওঁৰ নাম ইণ্ডিয়া বুক অফ্‌ ৰেৰ্কডত অন্তৰ্ভূক্তিৰে ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনে । ইয়াৰ উপৰিও অসমকে ধৰি দেশৰ বিভিন্নপ্ৰাপ্তৰ মুঠ ১০০ গৰাকী মহিলালৈ কৰ্মক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা স্বীকৃতি স্বৰূপে Global women inspiration award -২০২১ বঁটা আই কেন ফাউণ্ডেশ্চন নামৰ এটা সংস্থাই আগবঢ়াইছে । একেদৰে শিক্ষাৰ্থী জীৱনত ডিব্ৰুগড় বিশ্ববিদ্যালয় অধীনত অনুষ্ঠিত যুৱ মহোৎসৱত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি চিত্ৰ শিল্পৰ বিভিন্ন বিষয়ত পাঁচবাৰকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা মুনমীয়ে মুখা শিল্পৰ লগতো একেৰাহে জড়িত হৈ আছে। মুনমীয়ে ২০১৭ বৰ্ষত বাটৰ কেনৰ্ভাচ অসমৰ পৰা যুৱ শিল্পী বঁটা পাবলৈ সক্ষম হৈছিল । অসম কন্যা চিত্ৰ শিল্পী হিচাপে খ্যাত মুনমী বুঢ়াগোঁহাই National Sahitya Academy, ২০২০ বৰ্ষত Kingmaker leadership award, The Global Human Right Foundation, National Prestigious Award দ্বাৰা সূৰ্য ভাৰত সন্মান ২০২১ বঁটা পাবলৈ সক্ষম হোৱাৰ লগতে বহুতো সৰু-বৰ বঁটা পাবলৈ সক্ষম হৈ আহিছে চিত্ৰ শিল্পী গৰাকীয়ে । শেহতীয়াকৈ মুনমীয়ে যুৱ খেলকূড মহাসংঘ, ভাৰত চৰকাৰৰ নীতি আয়োগ আৰু Ministry of MSME, Govt. Of India -ৰ দ্বাৰা অনুমোদিত Artist Awards "THE DHRUV RATAN AWARD 2022 পাবলৈ সক্ষম হৈছিল ।আনহাতে মুনমী বুঢ়াগোঁহাই দত্তই নিজৰ গাঁৱখনৰ লগতে অঞ্চলটোৰ কণ-কণ শিশুসকলক একগোট কৰি বিনামূলীয়াকৈ সাহিত্য-সংস্কৃতিৰ দিশত আগবাঢ়ি যোৱাকৈ "মন এটি আশা "নামৰ কণমানিৰ মনৰ কথাৰে গঢ়া এটি গোটৰ সৃষ্টি কৰাৰ লগতে গোটটিৰ দ্বাৰা তিনিমহীয়া এখনি আলোচনী প্ৰকাশ কৰি আহিছে ।