সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য কৰুণ কাহিনী।

শিক্ষাৰ পোহৰ বিলোৱা এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ দুৰ্বিসহ জীৱনে চকু কপালত তুলিছে সচেতন মহলৰ। ২০০৮ চনতে অৱসৰ গ্ৰহণ কৰা এইগৰাকী শিক্ষকে বৰ্তমান উলংঘন হৈ বন্দীত্বৰ জীৱন কটাইছে নিজ গৃহত। জানিব পৰা মতে পত্নীৰ মৃত্যুৰ পাছৰেপৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা সোণাৰিৰ পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত এইগৰাকী অধক্ষ্যৰ একমাত্ৰ কন্যাৰ নাই নিজ পিতৃৰ প্ৰতি ভ্ৰুক্ষেপ। ইফালে কৰ্মসূত্ৰে আমেৰিকাত থকা কন্যাই বহু বছৰ ধৰি নিজৰ পিতৃক চাবলৈ এবাৰলৈও ঘৰলৈ নহাৰ বিপৰীতে পিতৃৰ বেংক একাউণ্ট নিজৰ নামত হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে। সোণাৰি নগৰৰ মাজমজিয়াত বিশাল সম্পত্তি থকা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক চাবলৈ এগৰাকী পৰিচাৰিকা নিয়োজিত হৈ আছে যদিও ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া ঘটনাই চকু কপালত তুলিছে সকলোৰে।