দৰঙৰ ধনশ্ৰী নৈত দূৰ্ঘটনা৷ বগৰীবাৰী চৰত কলৰ ভূৰেৰে নৌ পাৰ হওঁতে পানীৰ সোঁতত উটি যায় মাৰ্জিয়া বেগম আৰু মাজিদা খাতুন নামৰ দুই ছাত্ৰী৷

নৈখন পাৰ হবলৈ নাও নোপোৱাত কলৰ ভূৰেৰে পাৰ হব ধৰিছিল যদিও পানীৰ সোতে উটুৱাই নিয়ে যদিও ওচৰতে থকা মাছমৰীয়াই ছাত্ৰী দুগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি মংগলদৈ অসামৰিক চিক্ৎসালয়লৈ প্ৰেৰন কৰে৷

বৰ্তমান চিকিৎসাধীন হৈ আছে ছাত্ৰী দুগৰাকী৷ জানিব পৰা মতে গাঁওখনত নাঁৱৰীয়াৰ মাজত নাঁৱৰ ভাড়া লৈ বহু দিনৰ পৰা বিবাদ চলি আছে৷