সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰত কেতিয়াও দশম বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল অন্তৰায় হ'ব নোৱাৰে। কোনোমতে দশম বা দ্বাদশৰ দেওনা পাৰ হোৱা বহুজনে বগাইছে সফলতাৰ উচ্চ শিখৰ। জীৱনৰ কোনো এক অংশক নিজৰে প্ৰতিদ্বন্দ্বী, প্ৰত্যাহ্বান হিচাবে লৈ বগাই গৈছে ইপ্সিত লক্ষ্য প্ৰাপ্তিৰ চিৰি। দুৰ্জেয় পথ অতিক্রমী এনে বহুজন আজি আনৰ বাবে প্ৰেৰণাৰ প্ৰতীক হৈ পৰিছে।

২০০৯ বেটছৰ আই এ এছ বিষয়া অৱনিশ শৰণ আজি আনৰ বাবে প্ৰেৰণা। থাওকতে মানসিকভাৱে ভাগি পৰা একাংশ শিক্ষাৰ্থীৰ বাবে সাহস। ছট্টিশগড় কেডাৰৰ এই আই এ এছ বিষয়াগৰাকীয়ে নিজেই ৰাজহুৱা কৰা দশম উত্তীৰ্ণৰ মাৰ্কশ্বীটত চকু ফুৰালেই বুজিব পাৰি যে সফলতাৰ পথ যদিও কণ্টকময়, মনত অদম্য সাহস থাকিলে এই পথ সহজে অতিক্ৰম কৰিব পাৰি।

ফলাফল অনুসৰি আই এ এছ বিষয়াগৰাকীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত ৩১৪ নম্বৰ লাভ কৰি তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল। পিছে এই ফলাফলে তিলমানো বিচলিত কৰা নাছিল অৱনিশ শৰণক। বিপৰীতে ইয়াক জীৱনৰ প্ৰতিদ্বন্দ্বী, প্ৰত্যাহ্বান হিচাবে লৈ পৰিয়াল তথা আন সকলক দেখুৱাই দিলে যে দশম শ্ৰেণীৰ ফলাফলেই সৰ্বস্ব নহয়। সফলতা লাভৰ পথ আন ধৰণেও অংকন কৰিব পাৰি। অৱনিশ শৰণ এক উদাহৰণ মাত্ৰ। এনে আৰু বহুজন আছে যি নিজ নিজ ক্ষেত্ৰত আজি উজলি উঠিছে। 

দশম আৰু দ্বাদশৰ ফলাফল ঘোষণাৰ পিছতে মনোবল ভাগি পেলোৱা অজস্ৰজন শিক্ষাৰ্থীৰ বাবে অৱনিশ শৰণ প্ৰেৰণাৰ আন এক নাম। বুজাই দিলে, দশম-দ্বাদশৰ ফলাফলেই জীৱনৰ বাবে দিক-নিৰ্ণায়ক নহয়।