চৰাইদেউ জিলাত জল জীৱন মিছনৰ আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ

চৰাইদেউ জিলাত জলজীৱন মিছন আঁচনি ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰি এগৰাকী সচেতন যুৱকে সামাজিক মাধ্যম যোগে এই বিষয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই এখন পত্ৰ লিখা বিষয়টো

শেহতীয়া কৈ ব্যাপক চৰ্চা লাভ কৰিছে। চিত্ৰ লাহন নামৰ যুৱক গৰাকীয়ে পত্ৰখনত বিশুদ্ধ খোৱা পানী আঁচনি জলজীৱন মিছনত অতি নিম্ন মানৰে চৰাইদেউ জিলাৰ বহু ঠাইত কাম সম্পন্ন হোৱাৰ অভিযোগ কৰিছে। এইবিষয়ে সোণাৰিস্থিত বিভাগীয় কাৰ্যবাহী অভিযন্তাক অবগত কৰিলেও বিষয়া গৰাকীয়ে কোনো গুৰুত্ব নিদিয়ে বুলি তেওঁ অভিযোগ কৰিছে৷ তিনিবাৰকৈ বিশেষ ভাবে প্ৰতিটো আঁচনি পৰ্যবেক্ষণ কৰাৰ পাছতো বহু ঠাইত সাংঘাতিকভাৱে অতি বেয়াকৈ কাম কৰি নিৰ্মাণ কৰ্তাই আঁচনিৰ বিলৰ ধন মোকলাই নিবলৈ সক্ষম হোৱা বুলি যুৱক গৰাকীয়ে পত্ৰখনত উল্লেখ কৰিছে।

সংশ্লিষ্ট আঁচনিখন ৰূপায়নত গভীৰতা ,পানীৰ বিশুদ্ধতাৰ ক্ষেত্ৰত কোনো নীতি নিয়ম নমনা, ঘৰে ঘৰে কেৱল পাইপ পুতি পানী দিবলৈ আজিলৈকে সক্ষম নোহোৱা বিষয়টো উল্লেখ কৰি লাহনে অভিযন্তা আৰু ঠিকাদাৰৰ গোপন বুজাবুজিৰ বাবেই এনে হৈছে বুলি অভিযোগ কৰি এই বিষয়ত মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপ আৰু উচ্চ পৰ্যায়ৰ বিশেষ তদন্ত বিচাৰি সামাজিক মাধ্যম যোগে যুৱক গৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাই প্ৰয়োজনত অধিক অনিয়ম তথ্য সহকাৰে যোগান ধৰিব বুলি তেওঁ উল্লেখ কৰিছে।