আঠখেলত তীব্ৰবেগী অ'এনজিচি টেংকাৰ আৰু Heavy duty মটৰ চাইকেলৰ সংঘৰ্ষ, ১ জনৰ মৃত্যু আন এজনৰ অতি সংকটজনক

শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী আঠখেলত তীব্ৰবেগী অ'এনজিচি Mud ভৰ্তি টেংকাৰ আৰু Heavy duty মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত ১ জনৰ মৃত্যু আন এজনৰ অৱস্থা অতি সংকটজনক । দূৰ্ঘটনাগ্ৰস্ত টেংকাৰ খনৰ নাম্বাৰ AS 04 BC 7107 । মৃত লোকজনৰ নাম কুন্দল মিৰ্ধা আৰু আনজন শংকৰ নায়কৰ অৱস্থাও অতি সংকটজনক, দুয়োৰে ঘৰ মুদিনগৰ বাগিছাৰ ৬ নং লাইনত । গেলেকী আৰক্ষীয়ে টেংকাৰ খন জব্দ কৰাৰ লগতে টেংকাৰ খনৰ চালক ৰূপম চুতীয়া আৰু হেণ্ডিমেন অংকুৰ বৰাক আটক কৰে । পৰৱৰ্তী সময়ত তথা আজি আবেলি পৰত উত্তেজিত শতাধিক স্থানীয় ৰাইজে গেলেকী আৰক্ষী থানা চৌহদত উপস্থিত হৈ অভিযুক্তৰ শাস্তিৰ দাবীত প্ৰতিবাদমুখী হৈ পৰিছে ।