আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেন্টেল পৰীক্ষাৰ ফলাফল। 

এই ফলাফল বেয়া হোৱাত এগৰাকী ছাত্ৰীয়ে আত্মহনন কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

বিলাসীপাৰা চহৰৰ ৫ নম্বৰ ৱাৰ্ডৰ বাবু পাৰাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। 

বিলাসীপাৰা টাউন গাৰ্লছ হাই স্কুলৰ ছাত্ৰী সীমা সাহাই গণিত বিষয়ত দিছিল কম্পাৰ্টমেন্টেল পৰীক্ষা।

আজি ঘোষিত ফলাফলত ছাত্ৰী গৰাকীৰ ফলাফল বেয়া হয়। ইয়াৰ পিছতে আজি বিয়লি বাচি লয় চৰম পন্থা। 

নিজৰ ঘৰতে চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।