টিংখাঙৰ কদমনি উচ্চ মাধ্যমিক বিদ্যালয়ত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰায় ৭ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ ৰান্ধনী শালটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বিদ্যালয়ৰ মূল গৃহৰো বহু পৰিমাণে ক্ষতিসাধন হয়। এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাছে প্ৰাক্তন ছাত্ৰ সমাজে । বিদ্যালয়ৰ ৰান্ধনী শালটো শুক্ৰবাৰ,শনিবাৰ আৰু দেওবাৰেও ৰান্ধনী শালত জুই ব্যৱহাৰ কৰা নাছিল । লগতে উক্ত ৰান্ধনী শালত বিদ্যুৎ সংযোগ নাছিল । তেনে ক্ষেত্ৰত কিদৰে ৰান্ধনী শালত অগ্নিকাণ্ড সংঘটিত হব পাৰে বুলি মন্তব্য কৰে। এই অগ্নিকাণ্ড ঘটনাত কোনো দুষ্কৃতিকাৰী জড়িত থাকিব পাৰে বুলি মন্তব্য কৰে প্ৰাক্তন ছাত্ৰ সমাজে। এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰিছে ছাত্ৰ সকলে।