নতুন দিল্লী, ২৯ আগষ্ট(হি.স.)। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (আৰআইএল) ৪৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত কোম্পানটোৰ মুৰব্বী মুকেশ আম্বানীৰ বৃহৎ ঘোষণা। বাৰ্ষিক সভাত জিঅ'ৰ ৫জি সেৱা আৰম্ভ কৰাকে ধৰি কেইবাটাও ঘোষণা আম্বানীৰ।   

বিনিয়োগকাৰীসকলক সম্বোধন কৰি আম্বানীয়ে কয় যে দেৱালীৰ উৎসৱৰ ভিতৰত দেশৰ চাৰিখন মুখ্য মেট্ৰ' চহৰ দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইত জিঅ'ৰ ৫জি সেৱা আৰম্ভ কৰা হ'ব। লক্ষণীয়ভাৱে চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত এই সেৱা ১৮ মাহৰ ভিতৰত সমগ্ৰ দেশতে উপলব্ধ হ'ব। ইয়াক কাৰ্যকৰী কৰিবলৈ দেশৰ চহৰসমূহলৈ দ্ৰুতগতিত সম্প্ৰসাৰিত কৰা হ'ব।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে কোম্পানীৰ ৪৫ সংখ্যক এজিএম সম্বোধন কৰি আৰআইএলৰ মুৰব্বীগৰাকীয়ে কয় যে জিঅ'ই ইতিমধ্যে ভাৰতত ৫জি নেটৱৰ্কৰ বাবে কোৱালকমৰ সৈতে অংশীদাৰীত্ব কৰিছে। কোম্পানীটোৱে অতি সুলভ ৫জি স্মাৰ্টফোন আৰু গুগল ক্লাউড বিকশিত কৰিবলৈ গুগলৰ সৈতে অংশীদাৰীত্ব কৰিছে। তেওঁ লগতে কয় ইতিমধ্যে মাইক্ৰছফ্ট, মেটা আৰু ইণ্টেল কোম্পানীৰ সৈতে অংশীদাৰীত্ব আছে। কিন্তু এতিয়া কোৱালকমৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰিব। জিঅ'ৰ সকলো বোৰ স্পেকট্ৰাম বেণ্ড আছে। তেওঁ কয় যে ২০২১-২২ বিত্তীয় বৰ্ষত কোম্পানীটোৰ মিডিয়া ব্যৱসায়ৰ উৎকৃষ্ট বিকাশ হৈছে। তেওঁ ৰিলায়েন্স ৰিটেইলক ইয়াৰ ২ লাখ কোটি টকাৰ টাৰ্ণ অভাৰৰ বাবে অভিনন্দনো জনাইছে।

কোম্পানীটোৱে জিঅ' ৫জি সেৱাৰ বাবে ২ লাখ কোটি টকা বিনিয়োগ কৰিব। জিঅ' অভিজ্ঞতা কেন্দ্ৰসমূহ সোনকালেই মুম্বাইত মুকলি কৰা হ'ব। জিঅ'ৰ ৫জি সেৱা বিশ্বৰ আটাইতকৈ দ্ৰুততম হ'ব বুলিও কয়। জিঅ' হৈছে দেশৰ এক নম্বৰ ডিজিটেল সেৱা প্ৰদানকাৰী। আনহাতে প্ৰতি তিনিটা পৰিয়ালৰ ভিতৰত ২ জনে জিঅ' ফাইবাৰ ব্যৱহাৰ কৰি আছে। ৰিলায়েন্সে ২.৩২ লাখ চাকৰি দিছে বুলি কয় আম্বানীয়ে।