কাইলৈ ওদালগুৰিৰ ভৈৰৱকুণ্ডলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

অসম -অৰুনাচল সংযোগী দলঙৰ আধাৰশিলা স্হাপন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।

  সকলোৰে বাৱে এটা ভাল খৱৰ।অসম - অৰুনালচলে সংযোগী ধনশ্ৰী নৈত নিৰ্মান হব এখন বিশেষ দলং। ভাৰত ভুটান আৰু অৰুনাচল সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ ভৈৰৱকুন্দৰ ধনশ্ৰী নদীৰ বুকুত নিৰ্মান হব লগা এই গুৰুত্বপূৰ্ণ দলং খনৰ কাইলৈ আধাৰ শিলা স্হাপন কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাকে লৈ ভৈৰৱকুন্দৰ নৈ সৈৰ্গিক পৰিবেশৰ মাজত চলিছে ব্যাপক প্ৰস্তুত। ৩২০ মিটাৰ দৈৰ্ঘৰ এই দলং খন নিৰ্মান হলে কেবাটাও দিশত গুৰুত্বপূৰ্ণ হৈ পৰিব।সকলোৰে বাৱে অৰুনাচলৰে সংযোগৰ ক্ষেত্ৰত সুচল হোৱাৰ লগতে পৰ্যটকৰ বাৱেও আকৰ্ষন বাঢ়িব।তাতোকৈ গুৰুত্বপূৰ্ণ হব নিৰাপত্তাৰ ক্ষেত্ৰত।