অসমৰে লাজলগা কাণ্ড,ধেমাজিৰ আমগুৰিত নিজ কন্যাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰা লম্পত পিতৃক ন্যায়িক জিম্মালৈ প্ৰেৰণ চিচিবৰগাঁও আৰক্ষীৰ
ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ আমগুৰি কুলি গাঁৱত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা । নিজ কন্যাৰ লগত দৈহিক সম্পৰ্ক কৰি সাত মাহৰ গৰ্ভাৱতী কৰা এজন লম্পত পিতৃক আমগুৰিৰ স্থানীয় ৰাইজে কৰায়ত্ব কৰি যোৱা শনিবাৰে চিচিবৰগাঁও আৰক্ষীক গতাই দিছিল । আৰক্ষীয়ে লম্পত পিতৃৰ বিৰুদ্ধে চিলাপথাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰাত আৰু Prevention of Children from Sesual Offence Act ২০১২ ৰ ৬ নং ধাৰাত ১৫৮/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি চিচিবৰগাঁও আৰক্ষীয়ে আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে লম্পত পিতৃ প্ৰবীন দত্তক ।
ফটো দিছো