আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক আয়োজনৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। সমান্তৰাল ভাৱে ওদালগুৰি জিলাৰ বৰঙ্গাজুলি সত্ৰতো নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে।জিলা খনৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ সকল আহি উপস্থিত হয় বৰঙ্গাজুলি সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিৰোভাব তিথি উপলক্ষে।