কুৰ্বানিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। সেই মৰ্মে কুৰ্বানি বন্ধ কৰাৰ বাবে দিছপুৰে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে।

অসম চৰকাৰৰ ৰাজনৈতিক(খ) বিভাগে জাৰি কৰা পত্ৰত কোৱা হৈছে যে ঈদ-উজ-জোহাৰ সময়ত যাতে জীৱ-জন্তুৰ অবাধ হত্যা নহয় তথা গৰু, উট আদি কুৰ্বানি দিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব। সমান্তৰালভাৱে এই সময়চোৱাত হোৱা জীৱ-জন্তুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। 

এনে নিৰ্দেশনা অমান্য কৰা লোকৰ ক্ষেত্ৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'বলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিছে অসম চৰকাৰে।

কুৰ্বানিৰ বিৰুদ্ধে দেশত নানা বিতৰ্ক অব্যাহত থকাৰ সময়তে অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনাই বিশেষ তাৎপৰ্য বহন কৰিছে।