পুনৰ বিতৰ্কত সোমাই পৰিছে দৰঙৰ জৱাহৰ নৱোদয় বিদ্যালয়।

*দৰঙৰ কলাই গাঁৱৰ টেঙাবাৰীত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে ৰেগিঙৰ দৰে জঘন্য কান্দ।* 

ৰেগিঙ কৰাৰ নামত এগৰাকী ছাত্ৰক শাৰীৰিক ভাবে মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয় খনত। 

ইতিমধ্যে ভুক্তভোগী ছাত্ৰ গৰাকীৰ পিতৃ ছিপাঝাৰ দক্ষিণ চুবুৰীৰ গিৰিন্দ্ৰ নাথ আৰু মাতৃ কল্পনা নাথে এজাহাৰ দাখিল কৰিছে মঙলদৈ সদৰ আৰক্ষী থানাত। 

পুত্ৰৰ অৱস্থাৰ কথা বিবৰি থানাৰ ভিতৰতেই হুকহুকাই কান্দি উঠিল ছাত্ৰ জনৰ পিতৃ মাতৃয়ে।

 অভিযোগ অনুসৰি নবোদয় বিদ্যালয় খনত ষষ্ঠ শ্ৰেণীত নাম ভৰ্তি কৰোৱাৰ পিছৰ পৰাই ছাত্ৰ জনৰ ওপৰত ৰেগিঙৰ নামত শাৰীৰিক ভাবে মাৰধৰ কৰি আহিছিল ওপৰৰ শ্ৰেণীৰ ছাত্ৰয় 

ৰেগিং ৰ ঘটনা সন্দৰ্ভত ছাত্ৰগৰাকীৰ শ্ৰেণী শিক্ষকে পিতৃ মাতৃক অবগত কৰাত ছাত্ৰগৰাকীৰ অভিভাৱকে অধ্যক্ষক অৱগত কৰাই যদিও অধ্যক্ষ গৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলি অভিযোগ তোলে পিতৃ মাতৃয়ে।

পিছত যোৱা ২৫ তাৰিখে পিতৃ মাতৃয়ে ছাত্ৰ জনক ঘৰলৈ লৈ আহে যদিও ছাত্ৰ জনে ভয়ত পুনৰ বিদ্যালয়লৈ যাবলৈ অমান্তি হয়।

 ছাত্ৰ জন মানসিক ভাৱেও ভীতিগ্ৰস্ত হোৱাৰ বাবে চিন্তিত হৈ পৰিছে অভিভাৱক।

এতিয়া এই ঘটনৰ ন্যায় বিচাৰি মঙলদৈ সদৰ থানাত উপস্থিত হয় অভিভাৱক ৷