তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ওৱন গাঁওৰ গুণত ডাঙৰীয়া ওৰফে জীৱন মৰাণ ওৰফে জীৱন অসমৰ শনিবাৰে সন্ধিয়া ৮:৪৫ মিনিটত গুৱাহাটী এপল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । বয়সীয়ান আলফা নেতাগৰাকী জটিল ৰোগত আক্ৰান্ত হৈ বিগত এমাহে গুৱাহাটীৰ এপল হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ অসমৰ হেৰুৱা স্বাধীনতা পুন প্ৰতিষ্ঠাৰ বাবে জন্ম হোৱা সন্মিলিত জাতীয় মুক্তি বিপ্লৱৰ সংগ্ৰামৰ এগৰাকী জ্যেষ্ঠ নেতা জীৱন মৰাণ, সৈনিক নং-২০, ১৯৮৪ চনত আলফাৰ দ্বিতীয়টো সামৰিক গোটৰ প্ৰাকক্ষণত জাতীয় মুক্তি বিপ্লৱৰ পথাৰত ভৰি দিছিল বুলি আলফাৰ স্বাধীন সংগঠনে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে। আলফাৰ বহু কেইটা গুৰুত্বপূৰ্ণ সামৰিক অভিযানৰ সৈতে জড়িত থকা জীৱন মৰাণ সংগঠন এৰাৰ সময়লৈকে আছিল সংগঠনটোৰ বিত্ত সম্পাদক আৰু মেজৰ জেনেৰেলৰ দায়িত্বত । ২০২১ চনৰ ২৫ এপ্ৰিলত আলফা(স্বাঃ)ৰ পৰা স্বাস্থ্যজনীত কাৰণত তেখেতক অব্যাহতি দিয়া হৈছিল আৰু ২০২১ চনৰ ৩০ এপ্ৰিলত গ্ৰেপ্তাৰ হৈ ২০২২ চনৰ ১১জানুৱাৰীত জামিন লাভ কৰি বৃক্ক, যকৃৎ আৰু উচ্চ ৰক্তচাপজনিত লগতে একাধিক ৰোগত আক্ৰান্ত হৈ আছিল জীৱন মৰাণ । জীৱন অসম ওৰফে গুনত ডাঙৰীয়াৰ মৃত্যুত তেখেতৰ সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱলৈ আগবঢ়োৱা অৱদানৰ বাবে আলফা(স্বা:) এ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অমৰ মৃতক ঘোষণা কৰিছে ।
আজি প্ৰয়াত আলফা নেতাগৰাকীক সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে কাকপথাৰ উবন গাঁওৰ নিজা বাসগৃহৰ মাটিত অন্তিম সৎকাৰ কৰে। অন্তিম সৎকাৰৰ যাত্ৰা পথত আলোচনাপন্থী আলফাৰ এগৰাকীও শীৰ্ষ নেতা উপস্থিত নথকাৰ বাবে বিভিন্ন জনৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন আলফা গদা অসম ওৰফে হিৰণ্য মৰাণে। লগতে মৰাণে ক্ষোভ ব্যক্ত কৰি কয় যে আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতাসকলৰ দৰে জীৱন মৰাণ দেৱে জীৱিত কালত সম্পত্তিৰ পাহাৰ গঢ়িব নোৱাৰাৰ বাবেই এলাগী হৈ পৰিল আলোচনাপন্থী আলফাৰ দৃষ্টিত। তেখেত সকলৰ সৈতে খোজত খোজ মিলাব নোৱাৰাৰ বাবে সমস্ত জীৱন অসম আৰু অসমীয়াৰ বাবে উচৰ্গা কৰা জীৱন মৰাণক একাষৰীয়া কৰি ৰাখিলে আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতা সকলে। যাৰ বাবে এগৰাকী সংগ্ৰামী সত্তা চিৰদিনৰ বাবে নোহোৱা হৈ যোৱাৰ পিছতো শেষবাৰৰ বাবেও আহি উপস্থিত নহল আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতা সকল। অৱশ্যে সুদীৰ্ঘ ৪০ টাকৈ বৰ্ষ অসমৰ জাতীয় জীৱনৰ বাবে জীৱন উচৰ্গা কৰা সংগ্ৰামী বীৰ জীৱন মৰাণ ওৰফে জীৱন অসম ওৰফে গুণত ডাঙৰীয়া অন্তিম বিদায় ক্ষণত আজি অজস্ৰ গুণমুগ্ধ ব্যক্তি, প্ৰাক্তন আলফা সদস্য, বিভিন্ন জাতীয়, জনগোষ্ঠীয় দল সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকে।