কামাখ্যা মন্দিৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। 

দলীয় কাৰ্যসূচীত অংশ ল'বলৈ গুৱাহাটীলৈ অহা নাড্ডাই মা কামাখ্যাৰ আশিস লয়। 

অসমলৈ কেইবাটাও কাৰ্যসূচী লৈ ৰাষ্ট্ৰীয় সভাপতিগৰাকী উপস্থিত হৈছে।

বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে-পোনে আহি কামাখ্যাত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী। 

কামাখ্যা মন্দিৰৰ পৰা গৈ তেওঁ উজানবজাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি কাৰ্যালয় শুভ উদ্বোধন কৰিব।