সোমাবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে তিনিচুকীয়া ৰেলৱে ডিভিজন স্পৰ্টছ ক্লাৱে এক বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ।

পুৱাৰে পৰা অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতা খনত তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ বেডমিণ্টন খেলুৱৈৰ লগতে তিনিচুকীয়াৰ ৰেলৱে ডিভিজনৰ বহুকেইগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।

ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ৰেলৱে স্পৰ্টছ ক্লাৱে ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে বেডমিণ্টন খেল অনুষ্ঠিত কৰাৰ কথা সংবাদমাধ্যমক অৱগত কৰে স্পৰ্টছ ক্লাৱটোৰ বিষয়ববীয়াই ।

উক্ত প্ৰতিযোগিতাখনত ৰেল বিভাগৰ বহু কেইগৰাকী শীৰ্ষ বিষয়াৰ লগতে তিনিচুকীয়া ৰেলৱে ডিভিজন স্পৰ্টছ ক্লাৱৰ সদস্য সকল উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে ।