ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষানুষ্ঠান টিংখাং মহাবিদ্যালয় খনিয়ে আগন্তুক  ১ চেপ্তম্বৰত গৌৰৱোজ্জ্বল ৫০ টা বৰ্ষ সম্পূৰ্ণ কৰিব। ১৯৭২ চনৰ ১ ছেপ্টেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ পঞ্চাশ বছৰীয়া স্মৃতি ৰোমন্থনৰ মানসেৰে অহা ১ চেপ্তেম্বৰৰ পৰা তিনিদিনীয়াকৈ মহাবিদ্যালয় খনৰ চৌহদত উদযাপন কৰা হব টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান। স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বড়াক সভাপতি , অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱেশ্বৰ মহনক কাৰ্যকৰী সভাপতি আৰু বৰ্তমানৰ অধ্যক্ষ ড° মৌচুমী গগৈক সম্পাদক হিচাপে লৈ গঠন হোৱা উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ সোণালী জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সন্দৰ্ভত অৱগত কৰিবলৈ সোমবাৰে মহাবিদ্যালয় খনৰ সভাগৃহত সোণালী জয়ন্তী উদযাপন সমিতিয়ে আয়োজন কৰে এখনি সংবাদমেলৰ। সমষ্টিটোৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষা অনুষ্ঠান খনৰ এই সোণালী জয়ন্তী অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে