আজিৰ খবৰ, গুৱাহাটী, ৮জুলাইঃ কামৰূপ মহানগৰ জিলা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ব’ৰ্ডৰ এখনি গুৰুত্বপূৰ্ণ সভা আজি মহানগৰ জিলা উপায়ুক্তৰ সভা-কক্ষত অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সভাপতি পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মহানগৰৰ বিভিন্ন পথত চলাচল কৰা চিটিবাছ সমূহৰ ভাড়া নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰা, ই-টিকেটিং ব্যৱস্থা, মহামান্য উচ্চতম ন্যায়ালয়ে স্কুল বাছসমূহৰ ক্ষেত্ৰত আৰোপ কৰা নিৰ্দেশনাৰ সঠিক প্ৰয়োগ, ব্যৱসায়িক বাহন অ’লা উবেৰৰ ভাড়া নিৰ্ধাৰণ আৰু যাত্ৰীৰ প্ৰতি অশুভ আচৰণ তথা উৎপীড়ন বন্ধ কৰা, মেট্ৰ চেয়াৰ টেক্সি পাথৰ কোৱাৰিৰ পৰা আমচিং যোৰাবাট হৈ ডিগাৰু-সোনাপুৰলৈকে আৰু পাথৰ কোৱাৰিৰ পৰা আজাৰাৰ গধূলি বজাৰলৈকে চলাচল কৰা, অতি সোনকালে চিটিবাছ আস্থানসমূহত আস্থানৰ নামফলক লগোৱাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিশদ আলোচনা কৰি বিষয়সমূহৰ কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। সভাত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, পৰিবহণ বিষয়া (প্ৰবৰ্তক শাখা) হিমাংশু কুমাৰ দাস, এচিপি ট্ৰেফিক ড° অনুপ জ্যোতি বৰা, জনসংযোগ বিষয়া মনিমালা গগৈ, চিটিবাছ সন্থাসমূহৰ সভাপতি-সম্পাদক আৰু বিষয়ববীয়াসকল ক্ৰমে পুলক গোস্বামী, বিপুল কলিতা, হৰেন ডেকা, দিননাথ ভট্টাচাৰ্য, মৃদুল বৈশ্য আদিকে ধৰি কেইবাগৰাকীও প্ৰৱৰ্তক পৰিদৰ্শক উপস্থিত থাকে। উল্লেখিত বিষয়সমূহত আলোচনাৰ অন্তত সভাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাসক বিষয়সমূহৰ দ্ৰুত সমাধানৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદમાં યોજાશે કાંકરિયા કાર્નિવલ, પ્રથમવાર બનાવાશે ભાતીગળ સ્ટેજ
અમદાવાદમાં કાંકરિયા કાર્નિવલ યોજાશે. જેમાં કોરોનાના 2 વર્ષ બાદ શહેરમાં કાંકરિયા કાર્નિવલ યોજાવા...
Honor Magic 7 सीरीज का लॉन्च कन्फर्म! क्वालकॉम के नए चिपसेट और AI फीचर्स के साथ होगी एंट्री
हॉनर मैजिक 7 सीरीज 30 अक्टूबर को चाइनीज बाजार में लॉन्च होगी। इसमें स्नैपड्रैगन 8 एलीट चिपसेट एआई...
ભારતમાં ખેતી માટે ટોચ ના ટોપ ૧૦ ટ્રેકટર
(Top 10 Tractors for Agriculture in India)
ટ્રેક્ટર અનિવાર્ય છે અને તેણે ખેતીની રીત બદલી નાખી છે. તેઓ ખેડૂતોને ઓછા સમયમાં તેમનો વાવેતર...
Sachin Pilot ने BJP पर बोला हमला, कहा- Rajasthan में किसानों के साथ केंद्र सरकार ने भेदभाव किया
Sachin Pilot ने BJP पर बोला हमला, कहा- Rajasthan में किसानों के साथ केंद्र सरकार ने भेदभाव किया
વડોદરા:સયાજીગંજ પોલીસ મથકે એક્ટિવા મોપેડ ચોરીના ગુનામાં છંડોવાયેલા આરોપીને પાસા હેઠળ ધકેલાયો
વડોદરા:સયાજીગંજ પોલીસ મથકે એક્ટિવા મોપેડ ચોરીના ગુનામાં છંડોવાયેલા આરોપીને પાસા હેઠળ ધકેલાયો