মোগলসকলেহে ভাৰতক হিন্দুস্তান আখ্যা দিছিল বুলি বৰপেটা সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ এক বিতৰ্কিত মন্তব্যই পুনৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত।
তেওঁ কয়, 'মোগলেহে হিন্দুস্তানৰ আকাৰ এটা দিছিল। সেয়ে মোগলক লৈ মই গৌৰৱ কৰো, মোগলক লৈ মোৰ কোনো এলাৰ্জী নাই'।
মোগলসকল হাড়ে হিমজুৱে ভাৰতৰ সৈতে একাত্ম হৈ গৈছিল বুলি মন্তব্য কৰি ঔৰংজেৱে উমানন্দক মাটিহে প্ৰদান কৰিছিল বুলিও কয় সাংশদগৰাকীয়ে।
তেওঁ লগতে কয় যে আজিৰ দিল্লীও মোগলে গঢ় দিয়া বুলি প্ৰকাৰন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও স্বীকৃতি দিছে।
ইফালে ভাৰতৰ স্বাধীন সংগ্ৰাম মোগলক বাদ দি অসম্পূৰ্ণ বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে সাংসদ খালেকে।