দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচল প্ৰদেশ বন বিভাগৰ জৰীপ, উত্তপ্ত সীমান্তৱৰ্তী অঞ্চল।

আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভত অসম-অৰুণাচল প্ৰদেশৰ যুটীয়া প্ৰতিনিধি দলৰ বৈঠকৰ পাছতে আগ্ৰাসী হৈ উঠিছে অৰুণাচলী।

অসমৰ প্ৰশাসনিক বিষয়া অবিহনে জৰীপত নামিল অৰুণাচল প্ৰদেশৰ বন বিভাগ।

চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলৰ বন বিভাগে জৰীপ আৰম্ভ কৰাত উত্তেজিত হৈ উঠিছে স্থানীয় ৰাইজ।

জৰীপ আৰম্ভ কৰা বিষয়ে সীমান্তৰ ৰাইজে জানিব পাৰি শিৱসাগৰ বন বিষয়াক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈছেহি বিষয়াগৰাকী।

ইফালে অৰুণাচল প্ৰদেশ চৰকাৰে কৌশলেৰে বনাঞ্চল বেদখলৰ জৰিয়তে অসমৰ মাটি হস্তগত কৰাৰ কৌশল আৰম্ভ কৰা বুলি চৰ্চা চলিছে।